দোষ দিছা কিয়, মই এজন অভিনেতা মাত্র, মইনো আৰু কি কৰিব পাৰোঁ?
[Agony and Ecstasy of an Actor]
ৰাৱণ কথাৰ নৱম স্কন্ধ
ৰাৱণ কথাৰ নৱম স্কন্ধ
১
মই একোৱে নাজানোঁ। অলপমান কথাৰ
বাহিৰে।
মই নাজানোঁ মানুহে কিয় গান গায়,
কিয় ছবি আঁকে অথবা নাটক কৰে।
মই নাজানোঁ মানুহে কিয় ইজনে সিজনৰ
হাতখন এবাৰ চুই চাবলৈ বিচাৰে।
মই নাজানোঁ মানুহৰ কান্দোন, হাঁহি,
উৎসাহ আৰু হতাশাৰ উৎস। বুজি নাপাওঁ।
কিয় হামিয়াই, কিয় বা হাঁচি মাৰে
মানুহে।
টোপনিতে মানুহে বাগৰ সলায় কিয়?
চকুপানীৰ কোনো ভাষা নাই
দেশ নাই নিচুকনি গীতৰ
মাথোঁ এইকণ কথা বুজি পাওঁ
কিয় হয় আৰু কিয় নহয় এই দুটা কথাৰ
মাজৰ পার্থক্য মই বুজি নাপাওঁ
বুজি নাপাওঁ কিয় বাৰে বাৰে মই নাটক
কৰোঁ।
২
আজি মই এজন অভিনেতা, এজন পৰিবেশক। gentlemen, please give me your ears.
মই ভাও ধৰা বুলি আপুনি মোক হাঁহিব
নোৱাৰে, কাৰণ আপুনিও ভাও ধৰে।
মই যদি এই দহোটা মূৰৰ মুখাখন পিন্ধি
লওঁ আপোনাৰ চকুত মই হৈ পৰিম ৰাৱণ।
মই ভাও দিম, ভাও দিয়াটোও ভাওধৰাহে,
নহয়নে বাৰু?
ঠিক আছে মানি ল’লোঁ।
কিন্তু আপোনালোকেও ভাও ধৰি আছে,
জানিবা আপোনালোকে সঁচাকৈয়ে মানি লৈছে যে মই ৰাৱণ
আৰু কোনো নহয়, নহয় সমুদ্র কাজল
নামৰ ভাৱৰীয়া।
তেনেহ’লে মোক দোষ দিয়ে কিয়?
আহক ভাও দিওঁ অথবা ভাও ধৰোঁ।
কেৱল ভাওঁধৰা খিনিয়েই আমাৰ
যোগাযোগৰ একমাত্র যোগাযোগৰ সেতু।
৩
মই জানোঁ, প্রতিটো ভাওৱেই পুর্বৰ
কোনোবা নহয় কোনোবা একোটা ভাওৰ পুণর্ভাৱনা মাথোঁ।
Every act is
enactment of some other act.
প্রতি মুহূর্ততে আমি ভাও দিওঁ। এই
মুহূর্তত মোৰ ভাওটো হ’ল এজন কবিৰ অথবা এজন অভিনেতাৰ, আপোনাৰ ভাওটো এজন শ্রোতাৰ, পাঠকৰ অথবা দর্শকৰ।
কার্যালয়ৰ ফাইলটো খুলিবৰ পৰত যদি
আপুনি পাহৰিব নোবাৰে যে আপুনি এজন প্রেমিক,
আপুনি কাৰোবাৰ স্বামী অথবা পত্নী,
অথবা এজন গৰিব নাগৰিক,
যদি পঢ়াৰ মেজত বহি আপুনি পাহৰিব
নোৱাৰে আপুনি যে এজন দায়িত্ববান পিতৃ,
সমাজসেৱী অথবা গায়ক,
এজন সাংবাদিক, এজন জুৱাৰী অথবা এজন
ফুটবল খেলুৱৈ,
প্রেয়সীৰ চকুত চকু থৈ আপুনি যদি
ভাবিবলৈ লয়
কিমানখিনি ধান পথাৰত এতিয়াও
কাটিবলৈ বাকী,
অথবা হঠাৎ যদি মনত পৰি যায় যে
চাহকাপত আপুনি চেনী দিবলৈ পাহৰিলে
তেনেহ’লে জানি লওক
আপুনি এজন ফ্লপ অভিনেতা।
আপোনাৰ অভিনয়ৰ বজাৰ মন্দা।
৪
অভিনয় সকলোৱে কৰে, কাৰণ আমাৰ অতীত আৰু
ভৱিষ্যৎ আছে। আমাৰ পৰিচয় আছে। মূৰৰ ওপৰত কৰবাত স্বর্গ এখন আছে যাৰে আপোনাৰ মোৰ সময়
নির্ধাৰিত।
বাটেৰে বাট বুলিবৰ পৰত আপুনি
বাটৰুৱা,
খোৱাৰ টেবুলত বহা আপুনিও এজন খাদক,
পিতা, প্রেমিকা আৰু গুৰুৰ সন্মুখত
আপুনি অহৰহ অভিনয় কৰি আহিছে
এজন পুত্রৰ
প্রেমিকৰ
আৰু শিষ্যৰ।
কেৱল মই এজন অভিনেতা যেতিয়া অভিনয়
কৰোঁ বুলি মঞ্চৰ ওপৰলৈ উঠোঁ
ধৰা পৰি যাওঁ
ধৰা পৰি যাওঁ
ধৰাপৰি যাওঁ, যে মই এজন অভিনেতা
মাত্র। এজন নিমাখিত পৰিবেশক।
সেই একেটা সময়তে দর্শকৰ আসনত বহি
আপুনি ভাও ধৰে
জানিবা আপুনি মোক এজন অভিনেতা
হিচাপে নাজানে।
মই হয় ক, নহয় খ, অথবা গ
মই ৰাৱণ, বিশ্বাস কৰক, চকু-কাণ
খোলা ৰাখক
মোৰ কথা শুনক
মোলৈ চাওক
৫
এজন অভিনেতা হিচাপে মই সদায়ে এই wings আৰু sky ভাল পাওঁ।
মোৰ বাহুত যদি সঁচা ডেউকা এযোৰ
নাথাকে আপোনালোকে মোলৈ নাচাব নেকি?
মই যদি সঁচা আকাশ খনৰ তলত থিয় হৈ
কথা ক’বলৈ নলওঁ
আপোনালোকে মোৰ কথাবোৰ শুনিবলৈ
নিবিচাৰিব নেকি?
এই wings বোৰে মোক হেঁচা মাৰি ঢাকি ধৰে। এই sky খনে মোৰ সীমা
নির্ধাৰিত কৰি দিয়ে।
এইবোৰৰ পৰা মই কাহানিও হাত সাৰিব
পৰা নাই
আপোনালোকৰ হাত চুবলৈ বেঙা মেলিব
পৰা নাই
বাৰে বাৰে মই ৰাৱণ হৈ যাওঁ। মোৰ
স্বগতোক্তি আৰম্ভ হয়।
ৰাৱণ মানে এটা পৌৰাণিক চৰিত্র নহয়।
নহয় সৰুতে আইতাৰ মুখত শুনা এটা কল্পৰূপ।
ৰাৱণ মানে এজন দহোমূৰীয়া ভাৱৰীয়া।
[হুঁ, HOON
(collection of Verses in Assamese), Published by Bornali Borgohain on behalf of
Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]
No comments:
Post a Comment