Friday, May 10, 2013

সিহঁতে যেন মোকো লৈ যায়


বতাহত কঁপে কলপাত        নৌদিওতেই ধলফাট
ৰৈ ৰৈ কোনে লগাইছেহি মাত
চকু মোহাৰি বাহিৰ হলোঁ        বাজলৈ ওলাই দেখা পালোঁ
মোৰ বাবে ৰৈ কোনো নাছিল তাত

কদম তলীত কিহৰ উছৱ        সঁচানে বাৰু নে গুজৱ
কিয় জানো আজি ৰং চৰিল গাত
ঢাপলি মেলি ইমান মানুহ        কলৈ যায় কি কৰে বাৰু
লানি নিছিগা মানুহৰ নাই আঁত

সিহঁতে যেন মোকো লৈ যায়
সিহঁতে মোকো লগতে লৈ যায়
কান্দি কান্দি কয় কাণখোৱাই
সিহঁতে যেন মোকো লৈ যায়

মূৰৰ ছুলি ছিঙি আজুৰি        বুকুতে এটা ভুকু মাৰি
কান্দি কান্দি কয় কাণখোৱাই
ময়ো গান গাম হিয়া উজাৰি        নাচিম বাগিম দুবাহু দাঙি
সিহঁতে যেন মোকো লৈহে যায়

নাজানোঁ আজি কিহৰ সকাম        মানুহে ইমান কৰিছে কাম
কেনেকৈ পাম সেই কথাৰ আঁত
পিছে পিছে ময়ো বুলিম বাট

[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:

Post a Comment