না কিছি কি আঁখ কা নূৰ হুঁ, না কিছি কে দিল কা কৰাৰ হুঁ
জ’ কিছি কে কাম না আ চকে, মেঁ ব’ মুষ্টে গুবাৰ হুঁ
- বাহাদুৰ শ্বাহ জফৰ
আকাশখনত জুই এই লাগো এই লাগো কৈ
চুবুৰিয়ে চুবুৰিয়ে কৃষ্ণচূড়া ফুলিছে। আৰু
(সোণৰ দাম কমিছে), সর্বত্র এতিয়া সোণাৰু
- গোধূলিক বঞ্চনা কৰি আকাশ পোহৰাই থৈ
আখৈফুটা ইংৰাজী কোৱা গাভৰুজাকৰ দৰে
লছপছ কৈ জিলিকে এজাক ব’গেনভেলিয়া।
মাধৈ মালতীৰ সুগন্ধি মালিতা শুনোঁ সন্ধিয়া।
নিৰবে নিমাতে এটি দুটি দেখোঁ কৰবী সৰে।
যেনিয়েই চাওঁ বসন্তই মেলিছে বিনামূলীয়া পোহাৰ-
দিল্লী জাতিষ্কাৰ! মুমূর্ষু অৱস্থাতো ৰং সিঁচিছে যমুনাই।
চহৰ ঘূৰি নিজা বেলকনিলে’ আহে কাণখোৱা এবাৰ-
এপাহিও ফুল নাই, এটিও সেউজীয়া কুঁহিপাত নাই;
এমুঠি শুকান মাটিহে পৰি আছে টাবত, ‘মুষ্টে গুবাৰ’,
No comments:
Post a Comment