Saturday, May 11, 2013

মোৰ ঘৰটো বেয়া বুলি নক’বা


মোৰ ঘৰটো বেয়া বুলি নকবা
মোৰ ঘৰটো তুমি বেয়া বুলি কলে
মই তোমাৰ চাহকাপত নিমখ মিহলাই দিম
তোমাৰ আঞ্জাখনত জলকীয়া সানি দিম
মোৰ ঘৰটো তুমি বেয়া বুলি কলে
তুমি কাইলৈৰে পৰা বাৰে বাৰে টুকুৰিয়াই থাকিলেও
মই আৰু দুৱাৰখন খুলি নিদিওঁ
মোৰ ফোনটো চুইচ্চ অফ্‌ কৰি থম
মোৰ এলবামত তোমাৰ এখন ছবিও নথওঁ
মোৰ ঘৰটো বেয়া বুলি নকবা
কোনে জানে
হয়তো মই নখেৰে চিকুটি চিকুটি বেৰৰ ৰংবোৰ এৰুৱাবলৈ আৰম্ভ কৰিম
বেৰত মূৰ আফালি আফালি এচপৰা দুচপৰাকৈ বেৰৰ ইঁটা আঁতৰাই যাম
মোৰ ঘৰটো তুমি বেয়া বুলি কলে
ৰুৱা মাৰলি টানি আজুৰি, আঁতৰাই বস্তু এপদ দুপদ
এদিন হয়তো মই খহাই পেলাম মূধচ

কাণখোৱাৰ ঘৰটো ধুনীয়া ঘৰেই কাণখোৱাৰ দুনীয়া
কাণখোৱাৰ ঘৰটো তুমি বেয়া বুলি নকবা



[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:

Post a Comment