Thursday, May 23, 2013

কবিতা লিখাটো বৰ টান কাম


কবিতা লিখাটো বৰ টান কাম (১) 

(নৱকান্ত বৰুৱাৰ প্রতি ক্ষমা প্রার্থনাৰে)

কবিতা লিখাটো বৰ টান কাম। কঠিণ দায়িত্ব।
আখৰবোৰ বৰ পিছল। কলমৰ পৰা পিছলি গ
কাগজৰ বাহিৰত লুটি খাই পৰি হৈ ৰয় অৱিন্যস্ত।
খুব সন্তর্পনে চলা গোপন অভিসাৰ, পদে পদে ভয়।

স্বতস্ফুর্ত ভাবে কাকো ভালপাব নোৱাৰিলোঁ।
নোৱাৰিলোঁ ঘোষণা কৰিব দুৰন্ত প্রেমিকৰ জেহাদ।
কবিতা হবলা মানুহৰ ৰখীয়া। বুজিব নোৱাৰিলোঁ
মানুহ বুলিলে কোনখিনি মানুহক বুজিম, বা বুজা উচিত।

মোৰ বুলিবলৈ একো নাই। পৃথিৱীৰ বুলিবলৈ একো নাই।
মানুহৰ বুলিবলৈ একো নাই
কবিতাৰ বুলিবলৈ একো নাই।

পৃথিৱীৰ কবিতাৰ মানুহৰ একোটা বিমূর্ত সংজ্ঞা
মোৰ বাবে নাই।


কবিতা লিখাটো বৰ টান কাম (২) 

(হীৰেণ ভট্টাচার্যৰ প্রতি ক্ষমা প্রার্থনাৰে)

কবিতা লিখা মোৰ বাবে সচাঁয়ে বৰ টান কাম।
কোনোটো কথায়ে মোৰ নিজৰ হৈ নাথাকে একান্তে।
কেতিয়াবা কোনোবাটো কথা আঙুলি মূৰতে ঘূৰি থাকে
জপমালাৰ মণিটোৰ দৰে।
অবিৰাম।

কেতিয়াবা আকৌ ঘিণ লাগি যোৱাকৈ
ওকালিত ওলাই আহিব খোজে।
কথাবোৰ।

লিখি পেলোৱা কথাবোৰেও বহুৰূপীৰ দৰে ৰং সলায়
ৰেলযাত্রীৰ সন্মুখত হাত পাতে।


কবিতা লিখাটো বৰ টান কাম (৩) 

(নীলমণি ফুকনৰ প্রতি ক্ষমা প্রার্থনাৰে)

বলৈ গলে কবিতা লিখাটোৱেই আটাইতকৈ টান।
যাৰ বাবে লিখোঁ, জানোঁ, তেওঁলোকে নপঢ়ে।
নিজে লিখা কবিতা এটা মই নিজেই পঢ়িব নোৱাৰোচোন।
যি সকলে পঢ়ে, অভিনয় কৰিবলগীয়া হয়, তেওঁলোকৰ বাবে বাৰে বাৰে।

মোৰ আগফালে আৰু পাছফালে মুখামুখিকৈ থকা
দুখন আইনাত অসংখ্য প্রতিবিম্বিত চেহেৰা।
মই জানোঁ, সেইবোৰ মুখৰ কোনোখনেই আচল মুখ নহয়,
সিহঁতৰ কোনেও কবিতা নপঢ়ে। বেচেৰা।

আইনাৰ সমুখত বহি আইনাৰ সিপাৰৰ মানুহটোক
চুই চাবলৈ বিচাৰে ডেভিদ কেৰিয়াৰে।



কবিতা লিখাটো বৰ টান কাম (৪)
 

(জ্ঞান পূজাৰীৰ প্রতি ক্ষমা প্রার্থনাৰে)

কাম চৰাই দেখিছোঁ। ৰঙা ঠোঁট দেখিছোঁ।
আৰ বহুত কিবা কিবি দেখিও নেদেখাৰ ভাও ধৰি আছোঁ।
জামালপুৰৰ কোর্হালৰ মাজত
এজাক ভোকাতুৰ মানুহৰ সৈতে কথা পাতি আছোঁ।

কাম চৰাই দেখিছোঁ, ৰঙা ঠোঁট দেখিছোঁ।
তামোলনি বাৰীৰ সমুখত বহি পিতাই পাণ পৰাৰ
কথা ভাবিছোঁ।
ফিৰোজপুৰৰ ৰামলীলাত মৰঙনিৰ দিপৌৰ মাক
চকুৰে জ্বলাকলা দেখিছোঁ।

কবিতা এটাৰ তৃতীয় শাৰীটো সঁচায়ে টান।
তাতকৈ যেন অন্ধ ছোৱালীজনীৰ সন্মুখত
মুখত ৰং সানি নাচোঁ।


কবিতা লিখাটো বৰ টান কাম (৫) 

(ৰফিকুল হোছেইনৰ প্রতি ক্ষমা প্রার্থনাৰে)

কাগজো নালাগে কলমো নালাগে নালাগে চিঞাহী দোৱাত।
জামুগুৰিহাটৰ সেই ত্রিভূজটোতে আমি লগ হ
আৰু কথা পাতিম অনর্গল
ফুট গোধূলিত, মাজনিশা আৰু টোপনি চিকুণ পুৱাত।

থিয়েটাৰ আচলতে এটা নিত্য নৈমিত্তিক ঘটনা
হামি হাঁচি হাঁহি কান্দোন হিকটি
অথবা উশাহটো ঘুৰুৱাৰ দৰেই সাধাৰণ।

মঞ্চলৈ উঠাৰ আগতেই অভিনেতাজনৰ অভিনয় শেষ হয়।
থিয়েটাৰ আচলতে ইমানেই সাধাৰণ যে কৰিম বুলি ভাবোতেই
হাততে মলঙি যায়

আহক কবিতাৰ কথা পাতোঁ, কবিতা লিখাটো যিহেতু টান কাম।



[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment