Friday, May 10, 2013

কাণখোৱাৰো বৰ হেঁপাহ খেজুৰৰ বগাবলৈ গা


কাণখোৱাৰো বৰ হেঁপাহ খেজুৰৰ বগাবলৈ গা[i]
বগাব পাৰিলে প্রেম ৰস সুধা
পিছলি পৰিলে হব হাঁড় মূৰ গুৰা
কি কথা কৈ গলি ফকীৰ কবীৰা।।

কাৰ কথা ভাবি নেজানোঁ আজি দেখোন সাতখন আঠখন গা
এবটল আতৰ কিনিলোঁ নিজামুদ্দিনৰ পৰা
আমিৰ খুছৰুৰ খান্‌কাৰ ফালে পাক এটা মাৰিলোঁ
কোনেও নেদেখক বুলি পুৰণা কিল্লাটোৰ আঁৰত লুকাই নাচিলোঁ।।

আজি মই প্রাণ ঢালি গান গাম কথা কম, আজি উতনুৱা বা,
আৰু মোৰ মেহবুবে শুনিব, কাণখোৱাৰ মনত নাই দ্বিধা,
ইয়াতকৈ ডাঙৰ কথা আৰু আছে জানো কিবা?



[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]



[i]সাধু কহাৱত কঠিণ হেই, ঊঁচা পেড় খুজুৰ।
চড়ে ত চাখে প্রেম ৰস, গীৰে ত চকনাচুৰ।। ...কবীৰৰ দোহা

No comments:

Post a Comment