সন্ধিয়াৰ আকাশৰ তৰাৰ চকু চোৱা – সৌৱা হাজাৰ হাজাৰ
নজৰবন্দী অভিনেতা মই যে – পলাবৰ উপায় নাই একো।
ওলাব নোৱৰোঁ, সোমাবও নোৱৰোঁ – অসহায় বাহিৰ ভিতৰ।
উৰুখা মোৰ পঁজাৰে চাল – চালৰ ফুটাৰেও সৰকিছে চকু।
সদায়ে মই ভাবোঁ, আৰু মাথোঁ ভাবোঁ,
মঞ্চত উপবিষ্ট মাত্র হৈ
ঠিক এইখিনিতেই নাটকখন স্থগিত ৰাখিব
পৰাহ’লে!
নুমুৱাই দিব পৰা হ’লে লাইটবোৰ। এই পোছাক খুলি থৈ
আপোনালোকৰ কোলাহলৰ মাজত হেৰাই যাব
পৰা হ’লে!
এদিন মঞ্চৰ ওপৰত অকলশৰীয়া হৈ পৰিছিল
এক
আত্মপ্রেমী অভিনেতা। দেখাতে নাছিল
বিশেষ কোনোবা এজন।
আৰু সন্মুখত হাজাৰজন দর্শক।
আপোনালোকে কৰক
জাউৰিয়ে জাউৰিয়ে – হাজাৰ হাতেৰে অভিসম্পাত বৰিষণ।
তেহে যদি নিৰাময় হয় এই আত্মপ্রেমী
অভিনেতাৰ শ্লাঘা।
অন্ত হওক হেমলেটৰ দ্বন্দ; হে
সদ্যমৃত পিতাৰ প্রেতাত্মা।।
[হুঁ, HOON
(collection of Verses in Assamese), Published by Bornali Borgohain on behalf of
Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]

No comments:
Post a Comment