কোনে কিৰিলিয়ায় কোনে কিৰিলিয়ায়
মোৰ মনক কৰি তুলিছে চঞ্চল
কোনে ঢপলিয়ায় কোনে ঢপলিয়ায়
মোৰ চোতাল আজি উখল মাখল।।
এতিয়া মই ঘৰকে অঁতাওঁ নে মোৰ ছুলিকে বান্ধোঁ
দহো বন কাটি কৰি থৈ মাজতে এসোতা কান্দোঁ
বাৰে বাৰে উতনুৱা বতাহে কোবায়
সামৰিব নোৱাৰোঁ দেহৰ আঁচল।।
কি গান গাইছে আজি গোটেইখন ৰাইজে
তুমি অহাৰ কথা বুলি গম পালে হ’বলা
তুমি অহাৰ কথা আছিল গোপনে গোপনে
কথা দি কথা তুমি আজিও নেৰাখিলা
কাণখোৱায় কয়, মোক তুমি এনেকৈ
প্রতাৰণা কৰাৰ দস্তুৰ নগ’ল।।
[“কাণখোৱাৰ ঘৰ”
সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]
No comments:
Post a Comment