আলজিভা শুকাই যায়
বাৰে বাৰে সেপ ঢুকিও তিয়াব নোৱাৰি
নাকৰ পাহিবোৰ ফুলে, জ্বলা পোৰা কৰে
চকুলো বৈ অহাৰ ভয়ত মুদিব নোৱাৰোঁ চকুৰ পতা
হঠাৎ কিবা কিবি মনত পৰে
অথবা কিবা পাহৰি যাওঁ
হেৰুৱাওঁ অথবা বিচাৰি পাওঁ
আটাইতকৈ যন্ত্রণাদায়ক মুহূর্তবোৰেই
মই আটাইতকৈ বেছি উপভোগ কৰোঁ
যেতিয়া এটা কবিতাও লিখিব নোৱাৰোঁ।।
[মূলতে বঙালীত লিখা। "কুড়িয়ে পেলে স্রেফ পুড়িয়ে দেওয়ার আগে" নামর এক ক্ষুদ্র পত্রিকাত প্রকাশিত]
[হুঁ, HOON
(collection of Verses in Assamese), Published by Bornali Borgohain on behalf of
Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]
No comments:
Post a Comment