কিছুমান মানুহে সূর্যটোক পেলাই দিব নোৱাৰে
মনে মনে সূর্যটোক লুকুৱাই লৈ আহে দেখোঁ
কোনোবাই নোটবুকৰ ভাঁজত কোনোবাই মানিবেগতে
কাষলতিৰ তল, চোলাৰ জেপ, বাকী নেথাকে একো
কিছুমান মানুহৰ স্বভাৱ তেনেকুৱাই
মৌচুমী ভৌমিকৰ কথাই ধৰা। একোকে পেলাব নোৱাৰে।
নিজৰ কথাকে কওঁ। কথা একেটাই
ৰিফিল শেষ হৈ যোৱা কলমটোও পেলাই দিব নোৱাৰোঁ একেবাৰে।
সূর্যটোক পেলাই নিদি লুকুৱাই থোৱাৰ অপৰাধবোধত
কিছুমানে বিপ্লৱৰ গইনা লয়, কিছুমানে কবিতা লিখে,
কিছুমান পুৰুষ ওলাই যায় বেশ্যালয়ৰ সন্ধানত...
সকলোৰে মনত সূর্যৰে সৈতে হাতে লোটে হাতে লোটে ধৰা পৰি যোৱাৰ
ভয়।
হয়তো আমি বর্তি আছোঁ সেই ভয় খিনিৰ বাবেই।
ভয় নোহোৱাকৈ আমি জীয়াই থাকিম কেনেকৈ?
No comments:
Post a Comment