Thursday, May 23, 2013

নৈশব্দত জীর্ণ কোলাহল


নিঃশব্দে পাৰ হৈ যোৱা এজাক বনৰীয়া হাতী
অথবা সশব্দ এখন ৰাতিৰ ৰেল
শৰাইঘাটৰ ব্রহ্মপুত্রত
কেইটামান ওফৰি পৰা পইচা

আনন্দলহৰীত কঁপে সুৰধনি

অকলশৰীয়া এটা ৰাতিৰ চৰাই
শাল নে চতিয়না নে চেগুণৰ ডালত

কি বিচাৰি যাৱ মন তই কি বিচাৰি যাৱ

নিৰাপত্তাৰ আশ্বাস
এপাহ ফুলৰ প্রার্থনা
নে
কোনোবা পাণ্ডুলিপিৰ হেৰোৱা পৃষ্ঠা এটা

শাৰী শাৰী তামোলনি বাৰীত পৰচর্চা।।



[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

1 comment: